নিউজ ডেস্কঃ কেন্দ্ৰীয়শাসিত জম্মু-কাশ্মীৰক লৈ কেন্দ্রই কৰিছে বৃহৎ ঘোষণা। এতিয়াৰে পৰা কাশ্মীৰত আপুনি যদি বিচাৰে দোকান খুলি মাটি কিনিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ নতুন ঘোষণা অনুসৰি পৌৰ এলেকা আৰু নগৰীয়া এলেকাত সকলো ভাৰতীয় নাগৰিকে ক্ৰয় কৰিব পাৰিব মাটি। মাটি ক্ৰয় কৰিবলৈ প্ৰয়োজন নহ’ব স্থানীয় বাসিন্দা বা ষ্টেট-ছাবজেক্ট হোৱাৰ। ঔদ্যোগিক অঞ্চল হিচাপে চিহ্নিত এলেকাসমূহো মুক্ত কৰি দিয়া হৈছে।
জম্মু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই মঙলবাৰে জনোৱা মতে জম্মু-কাশ্মীৰৰ ঔদ্যোগিক বিকাশৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে কৃষিভূমিসমূহ কৃষকৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে।