নেশ্যনেল ডেস্ক – চৰকাৰৰ কাৰ্যকাল আৰম্ভ হৈছিলহে মাত্ৰ। বিহাৰৰ নতুন চৰকাৰত কেণা লাগিলেই। নীতিশ কুমাৰে সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই সমূখীন এক অনাহুত পৰিস্থিতিৰ। শপত গ্ৰহণৰ মাত্ৰ তিনিদিন পিছতেই আজি বিহাৰৰ শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীয়ে পদত্যাগ কৰে।
অৱশ্যে নিৰ্বাচনৰ পূৰ্বৰে পৰা বিভিন্ন দুৰ্নীতিৰ অভিযোগেৰে অভিযুক্ত আছিল এইগৰাকী মেৱালাল। বিহাৰৰ আটাইতকৈ ধনী মন্ত্ৰী হিচাবে চৰ্চালৈ অহা মেৱালাল চৌধুৰীক দুৰ্নীতিৰ অভিযোগতে দলৰ পৰাও বহিস্কাৰ কৰা হৈছিল।
শেহতীয়াকৈ নীতিশ কুমাৰৰ মন্ত্ৰী সভাত দুৰ্নীতিগ্ৰস্ত মেৱালাল চৌধুৰীক শিক্ষামন্ত্ৰীৰ পদ দিয়াত বিভিন্ন দল সংগঠনেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।
উল্লেখ্য আজি পদত্যাগ কৰা মেৱালালৰ বিৰুদ্ধে ২০১৭ চনতে দুৰ্নীতিৰ গোচৰ থানাত ৰুজু হৈছিল। জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী হিচাবে তাৰাপুৰ সমষ্টিৰ পৰা বিজয়ী হোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে ভাগলপুৰ কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছিল।