১৪ ফেব্ৰুৱাৰী এনে এটা দিন যাক সমগ্ৰ বিশ্বই প্ৰেমৰ দিন হিচাপে পালন কৰে, কিন্তু ভাৰতবাসীৰ বাবে ই এটা অতি দুখৰ দিন। কাৰণ ২০১৯ চনৰ আজিৰ দিনটোতেই সংঘটিত হোৱা এটি ঘটনাই দেশবাসীক অতি দুখিত কৰি তুলিছিল।
আজিৰ দিনটোতেই কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। চিআৰপিএফৰ বিশাল কনভয়ত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত শ্বহীদ হৈছিল ৪০ জনকৈ বীৰ জোৱান আৰু আহত হৈছিল প্ৰায় ৩৫ জন।
পাকিস্তানক সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল। এই দিনটোত দেশবাসীয়ে বীৰ শ্বহীদ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। ২০ বছৰীয়া আদিল আহমেদ নামৰ এজন যুৱকে চিআৰপিএফৰ কনভয়ত আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছিল। ঘটনাস্থলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত আদিলৰ ঘৰ। ১৪ ফেব্ৰুৱাৰীৰ দিনা চিআৰপিএফৰ এখন কনভয় আহি থকা সময়তেই এই আক্ৰমণ সংঘটিত হয়।
উল্লেখ্য যে, এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল পাকিস্তানত থকা জৈশ-এ-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে।