নিউজ ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মংগলবাৰে উত্তৰাখণ্ডৰ এটা মেগা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান মতপোষণ কৰিছে যে, যি সকল লোকে কৃষি আইনৰ বিৰোধিতা কৰি আছে, তেওঁলোকে নিবিচাৰে যে কৃষকে মুকলি বজাৰত স্ব উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ স্বাধীনতা লাভ কৰে। মোডীয়ে কয় যে, কিছুলোকে কৃষি আইনৰ এইবাবেই বিৰোধ কৰি আছে কিয়নো তেওঁলোকৰ বাবে ক’লাধন অহাৰ আৰু এটা বাট বন্ধ হল।
কৃষি আইনৰ বিৰোধ কৰি থকা লোক সকল কৃষক বিৰোধী বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কিছুলোকে কৰিব লাগে বাবেই এই আইনৰ বিৰোধিতা কৰি আছে। তেওঁলোক না কৃষকৰ লগত আছে, না যুৱচামৰ লগত আছে না সৈনিক সকলৰ পক্ষত।
উল্লেখযোগ্য যে পঞ্জাৱ হাৰিয়ানা আদিৰ দৰে ঠাইত বৰ্তমানেও এই আইনৰ বিৰোধে প্ৰতিবাদ অব্যাহত আছে। আনকি এই আইনৰ বিৰোধিতাৰে এনডিএ চৰকাৰৰ এটি পুৰণি সহযোগী আকালি দলে মিত্ৰজোঁটৰ পৰা আঁতৰি পৃথক বাট বুলিছে। মোডী চৰকাৰৰ আকালি দলৰ নেতৃ হৰচিমৰৎ কৌৰে এই আইনৰ বিৰোধিতাৰে ইতিমধ্যে পদত্যাগো কৰিছে।