মধ্য প্ৰদেশৰ খৰগোন জিলাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়।
১১ গৰাকী যাত্ৰী ভৰ্তি এখন নাও নৰ্মদা নদীত বাগৰি পৰে।
এই দুৰ্ঘটনাটোত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাই আৰু আন এগৰাকী মহিলা অন্তৰ্ধান হয়।
শনিবাৰে নাওখন ডুবি যোৱাৰ ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, য’ত দেখা পোৱা গৈছিল যে নাওখনত যাত্ৰা কৰা মহিলাসকলে নৃত্য প্ৰদৰ্শন কৰি আছিল।
নাবঘাটখেৰীত নৰ্মদা নদীক বস্ত্ৰ অৰ্পণ কৰিবলৈ গৈছিল মহিলাকেইগৰাকীয়ে।
শনিবাৰে সংঘটিত হোৱা নাও দুৰ্ঘটনাটোৰ কিছু সময় আগৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
কাপোৰ অৰ্পণ কৰাৰ পূৰ্বে নাওখনত কেইগৰাকীমান মহিলাই থিয় হৈ নৃত্য প্ৰদৰ্শন কৰি আছিল।
দ্বিতীয়খন নাৱত ঢোল বজাই আছিল আৰু তৃতীয়খন নাৱত ভক্তসকলে অৰ্পণ কৰিবলৈ অনা কাপোৰখন ধৰি আছিল।
জানিবলৈ দিয়া অনুসৰি নৃত্য প্ৰদৰ্শন কৰাৰ বাবে নাওখনে ভাৰসাম্য হেৰুৱাইছিল।
নাওখন ডুবি যোৱাৰ ফলত ১১ গৰাকী লোক পানীত বুৰি যায়।
ইয়াৰে ৯ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে আৰু এগৰাকী মহিলাৰ মৃতদেহ ঘটনাটোৰ পাছৰ দিনা উদ্ধাৰ কৰে।
কিন্তু বৰ্তমানেও সন্ধানহীন এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম জীতেন্দ্ৰ।
Photo: AAJ TAK