দেশজুৰি কাইলৈ অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰা ক’ৰোনা টীকাকৰণ অভিযান আৰম্ভ হ’ব।
বহুজন সমাজ পাৰ্টী(BSP)ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মায়াৱতীয়ে টীকাকৰণ অভিযান আৰম্ভ কৰাৰ চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনায়।
মায়াৱতীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনালে যে সমগ্ৰ দেশতে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰা হওক।
লগতে মায়াৱতীয়ে ক’লে যে যদি উত্তৰ প্ৰদেশত BSPৰ চৰকাৰ যদি গঠন হয় তেন্তে তেওঁ সকলোকে বিনামূলীয়াকৈ COVID-19 ভেকচিন প্ৰদান কৰিব।
ইয়াৰ লগতে মায়াৱতীয়ে ক’লে যে বহুজন সমাজ পাৰ্টীয়ে কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে যে দিল্লীত আন্দোলনকাৰী কৃষকসকলৰ দাবী পূৰণ কৰক।
কোনো দলৰ সৈতে মিত্ৰজোঁট নহয়
BSP প্ৰধান মায়াৱতীয়ে ক’লে যে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে BSPয়ে কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰজোঁট নকৰে।
দলে নিজস্বভাৱে প্ৰতিটো বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে ঘোষণা কৰিছিল যে
তেওঁ ২০২২ত উত্তৰ প্ৰদেশত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত কোনোধৰণৰ ডাঙৰ পাৰ্টীৰ সৈতে মিত্ৰজোঁট নকৰে।
তেওঁ কৈছিল যে, তেওঁ সৰু সুৰা দলৰ সৈতেহে মিত্ৰজোঁট কৰিব।
Photo: Google