নিউজ ডেস্কঃ ভাৰত চৰকাৰে এতিয়াৰে পৰা মন্ত্ৰী,চৰকাৰী বিভাগ আৰু স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা ছপা কৰি অহা ৱাল কেলেণ্ডাৰ, টেবুল কেলেণ্ডাৰ, উৎসৱৰ শুভেচ্ছামূলক কাৰ্ড আদিৰ ক্ষেত্ৰত ছপা বন্ধ ঘোষণা কৰিছে । এই সকলোবোৰ এতিয়াৰে পৰা ডিজিটেল ফৰমেটত প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে । কেৱল সেয়াই নহয়, কফি টেবুল বুকৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ পৰিৱৰ্তে এতিয়াৰে পৰা ই-বুক প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । বৰ্তমান ডিজিটেল মঞ্চক অধিক প্ৰসাৰ কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে ।