৪ ডিচেম্বৰ, শুক্ৰবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অনলাইন গেমিং,ফেণ্টাচী ক্ৰীড়া আদিৰ ওপৰত পৰামৰ্শ জাৰি কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অনলাইন গেম আৰু ফেণ্টাছী স্পৰ্টছৰ বিজ্ঞাপন প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ বিজ্ঞাপন মানক পৰিষদ (এএছচিআই)ৰ নিৰ্দেশনা মানি চলিবলৈ ব্যক্তিগতখণ্ডৰ টেলিভিচন চেনেলসমূহক আহ্বান জনাইছে ৷ মন্ত্ৰালয়ে দিয়া পৰামৰ্শ অনুসৰি বিজ্ঞাপনসমূহে কোনো নিষিদ্ধ কাম-কাজ বা আইন বিৰোধী দিশত উদ্গনি যোগাব নোৱাৰীব লগতে , তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে একাংশ টেলিভিশ্যন চেনেলত যথেষ্ট পৰিমাণে অনলাইন গেম আৰু ফেণ্টাছী স্পৰ্টছৰ দৰে বিজ্ঞাপন প্ৰচাৰৰ বিষয়ে জানিব পাৰিছে ৷ এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে এই ধৰণৰ বিজ্ঞাপনে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে গ্ৰাহকক বিত্তীয় আৰু অন্যান্য ক্ষতিশংকাজনিত দিশত শুদ্ধ তথ্য নিদিয়ে ৷ তদুপৰি, এনে বিজ্ঞাপন কেৱল টেলিভিশ্যন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫ আৰু গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰো অনুশাসনৰ আওতাতো নপৰে৷সেয়েহে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ বিষয়াসকলৰ দ্বাৰা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়, এএছচিআই, নিউজ ব্ৰ’ডকাষ্টাৰ্ছ এছ’চিয়েশ্যন, ইণ্ডিয়া ব্ৰ’ডকাষ্টিং ফাউণ্ডেশ্যন, অল ইণ্ডিয়া গেমিং ফেডাৰেশ্যন, ফেডাৰেশ্যন অৱ ইণ্ডিয়ান ফেণ্টাছী স্পৰ্টছ আৰু অনলাইন ৰামী ফেডাৰেশ্যনৰ সৈতে অনুষ্ঠিত পৰামৰ্শমূলক বৈঠকৰ পাছত এই নিৰ্দেশনা জাৰি কৰা হয় ৷