আজি পুৱাৰে পৰা ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে হাহাকাৰ লাগিছে। ভাৰত চৰকাৰেও বিষয়টোৰ ওপৰত চোকা নজৰ ৰখাৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে ইক্ৰেইনত থকা ভাৰতীয়সকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।
উক্ত নিৰ্দেশনাত কোৱা হৈছে যে, ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি অতিশয় অনিশ্চিত হৈ পৰিছে, সকলোৱে শান্ত হৈ থকা উচিত আৰু যি য’ত আছে, ঘৰ, হোষ্টেল, ট্ৰানজিট, বা অন্য বাসস্থানত সেই ঠাইতে নিৰাপদজনকভাৱে থকা উচিত।
আনহাতে ইউক্ৰেইনৰ কিভলৈ যাত্ৰা কৰা লোক সকলক যাত্ৰা বাতিল কৰি নিজ নিজ ঠাইলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ যিসকল ভাৰতীয়ই পশ্চিম ইউক্ৰেইনৰ পৰা কিভলৈ গৈ আছিল তেওঁলোকে সাময়িকভাৱে নিজৰ চহৰলৈ নাইবা তাতকৈ নিৰাপদ ঠাই, পশ্চিম ইউক্ৰেইনৰ সীমন্তৱৰ্তী দেশলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে।