ছ’চিয়েল মিডিয়া কোম্পানী,ডিজিটেল সংবাদ সংস্থা আৰু OTT প্লেটফৰ্মৰ কাৰণে কেন্দ্ৰই জাৰি কৰিছে কিছু নতুন নিৰ্দেশনা ৷
কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভেদকাৰে বৃহস্পতিবাৰে এক সংবাদমেলযোগে ঘোষণা কৰিছে এই নিৰ্দেশনা ৷
‘দ্য ড্ৰাফ্ট ৰেগুলেচন ইনফৰমেচন টেকন’ল’জী ৰোল-২০২১’ ৰ অধীনত প্ৰতিষ্ঠানসমূহৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে কিছু নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই ৷
নিয়মৰ অধীনত, কোনো আপত্তিকৰ বিষয়বস্তুৰ বাবে চৰকাৰী অথবা আইনী আদেশ লাভ কৰিলে প্ৰতিষ্ঠানটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পোষ্টটো উঠাই দিব লাগিব ৷
মহিলাৰ সন্মান হানিকাৰক পোষ্টৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত গ্ৰহণ কৰিব লাগিব এই ব্যৱস্থা ৷
অথবা অনুসন্ধান কৰাৰ ক্ষেত্ৰত চৰকাৰী পক্ষক সহযোগ কৰিব লাগিব ৷
উক্ত নিৰ্দেশনাত অন্তৰ্ভুক্ত কৰা হৈছে যে, ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক প্ৰভাৱান্বিত কৰা বিষয়বস্তুৰ প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
প্ৰকাশ জাভেদকাৰৰ মতে, OTT প্লেটফৰ্মৰ ক্ষেত্ৰত এক স্ব-নিয়ন্ত্ৰিত সংস্থা থাকিব য’ত অৱসৰপ্ৰাপ্ত বিচাৰক আৰু বিশিষ্ট ব্যক্তিয়ে নিৰীক্ষণ কৰিব প্ৰতিটো বিষয়বস্তু ৷
ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভেদকাৰে সংবাদমেলত সম্বোধন কৰি কয়, দেশত ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই ৷
photo: google