নিউজ ডেস্কঃ আলোচনা ব্যর্থ হ’লেই চীনৰ আগ্রাসন সামৰিক শক্তিৰে প্রতিৰোধ কৰা হ’ব বুলি কঠোৰ সকীয়নি দিছে চিডিএছ জেনেৰেল বিপিন ৰাৱাটে৷ লাডাখ সীমান্তত চীনৰ আগ্রাসী ভূমিকাক লৈ দুয়ো দেশৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি চিডিএছ জেনেৰেল ৰাৱাটে প্রয়োজন সাপেক্ষে সামৰিক শক্তি ব্যৱহাৰ কৰি চীনক এশিকনি দিয়া হ’ব বুলি সকীয়নি দিয়ে৷ উল্লেখ্য যে লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্রমণত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতেই সীমান্তত উত্তেজনা অব্যাহত আছে৷ দুয়ো দেশৰ সামৰিক বাহিনীৰ মেজৰ পর্যায়ৰ বিষয়াৰ উপস্থিতিত কেইবালানিও আলোচনা অনুষ্ঠিত হোৱাৰ পিছত লাডাখৰ এলএচিৰ সমীপৰ পৰা চীনে সেনা প্রত্যাহাৰৰ সহমতত উপনীত হয় যদিও বেইজিঙে এতিয়াও সম্পূর্ণকৈ সেনা প্রত্যাহাৰ কৰা নাই৷