অলপতে মহাৰাষ্ট্ৰত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত হয়। মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকতখন মুম্বাইৰ এজন ছাত্ৰই পৰীক্ষা গৃহলৈ অহাৰ পূৰ্বেই লাভ কৰিছিল। এই সন্দৰ্ভত ভিলেৱাৰ্লী আৰক্ষীয়ে এজন শিক্ষককো আটক কৰিছে।
শিক্ষকগৰাকীয়ে মালাদত এটা কোচিং ইনষ্টিটিউট চলায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিক্ষকগৰাকীৰ নাম মুকেশ যাদৱ। এই প্ৰাইভেট কোচিং ইনষ্টিটিউটটোৰ পৰাই হোৱাটচএপ যোগে ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল বুলি জনা গৈছে।