নিউজ ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়ক ২৬ অক্টোবৰ সোমবাৰে দিল্লী ন্যায়ালয়ে ১৯৯৯ত ঝাৰখণ্ড কয়লা ব্লকৰ অনিয়মীয়া আৱণ্টনৰ গোচৰৰ অভিযোগত তিনি বছৰৰ কাৰাদণ্ড বিহিছে৷
অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ সময়ত ৰায় কয়লা মন্ত্ৰী আছিল৷
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ উপৰিও বিচাৰক ভৰত পৰাশৰে কয়লা মন্ত্ৰালয়ৰ আন দুজন জ্যেষ্ঠ বিষয়া প্ৰদীপ কুমাৰ বেনাৰ্জী আৰু নিত্যানন্দ গৌতম তথা চিটিএলৰ সঞ্চালক মহেন্দ্ৰ কুমাৰ আগৰৱালাকো তিনি বছৰৰ কাৰাবাস বিহিছে৷
ন্যায়ালয়ে প্ৰতিজনকে ১০ লাখকৈ জৰিমনাও বিহিছে৷