সোমবাৰৰ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশনৰ দ্বিতীয় অংশ । এই বৈঠকখনৰ আহ্বান জনাইছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ছোনিয়া গান্ধীয়ে । ৮ এপ্ৰিলত সমাপ্ত হ’বলগীয়া অধিৱেশনৰ পূৰ্বে বিৰোধী কংগ্ৰেছে আহ্বান কৰিছে এই বিশেষ বৈঠকৰ ।
দেওবাৰে পুৱা ১০ বজাৰ অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সংসদীয় কমিটীৰ বৈঠক । দুয়োখন সদনতে বিৰোধী কংগ্ৰেছৰ ৰণনীতি সম্পৰ্কে এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, বিগত শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ বাসগৃহত কংগ্ৰেছৰ জি-২৩ বৈঠক অনুষ্ঠিত হৈছিল। কংগ্ৰেছ নেতা ভূপেন্দৰ সিং হুদা, মনীষ তিৱাৰী, কপিল চিবাল, আনন্দ শৰ্মা, অখিলেশ প্ৰসাদ । শেহতীয়াকৈ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে । য’ত শোচনীয় পৰাজয় ঘটিছে কংগ্ৰেছৰ ।