ক’ৰোনা ভেকচিনেচনক লৈ যিটো সময়ৰ বাবে দেশৰ জনতাই ইমানদিনে অপেক্ষাত আছিল, সেই অপেক্ষাৰ এতিয়া অন্ত পৰিল।
চৰকাৰে শনিবাৰে ক’লে যে দেশত ক’ৰোনা প্ৰতিষেধক কেতিয়াৰ পৰা দিয়া হ’ব।
ক’ৰোনাৰ সৈতে যুঁজ দিবলৈ ভেকচিনৰ কাৰ্যসূচী ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।
সৰ্বপ্ৰথমে স্বাস্থ্যকৰ্মীসকলক দিয়া হ’ব ক’ৰোনাৰ প্ৰতিষেধক।
ইয়াৰ পিছত ৫০ ঊৰ্ধৰ লোকক দিয়া হ’ব ভেকচিন।
দেশত ক’ৰোনাৰ স্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সমীক্ষা বৈঠক অনুষ্ঠিত কৰে, য’ত ভেকচিন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে সৰ্বপ্ৰথমে ভেকচিন স্বাস্থ্য কৰ্মীক আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক দিয়া হ’ব আৰু ইয়াৰ আনুমানিক সংখ্যা প্ৰায় ৩ কোটি।
ইয়াৰ পিছত ৫০ উৰ্ধৰ লোকক আৰু ইয়াতকৈ কম বয়সৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব যিসকল লোক দুৰাৰোগ্য ৰোগত ভুগি আছে।
এনেধৰণৰ লোকৰ সংখ্যা হ’ল ২৭ কোটি।
আজিৰ বৈঠকত কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব, স্বাস্থ্য সচিব আৰু অন্য জ্যেষ্ঠ বিষয়া অন্তৰ্ভুক্ত হৈছে।
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ ক’ৰোনা প্ৰতিষেধকৰ বিষয়ে তথ্য লয়।
সেই সময়তে তেওঁ Co-WIN ভেকচিন ডেলিভাৰী মেনেজমেণ্ট পদ্ধতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰে।
এটা বুথত প্ৰতিটো অধিৱেশনত ১০০ৰ পৰা ২০০জন লোকক ভেকচিন দিয়া হ’ব।
তেওঁলোকৰ ওপৰত ৩০ মিনিটলৈ নজৰ ৰখা হ’ব, যাৰ দ্বাৰা তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰা হ’ব। ইফালে, ভেকচিন কেন্দ্ৰত এবাৰত এজন লোককহে প্ৰতিষেধক দিয়া হ’ব।
Photo: Google