নিউজ ডেস্কঃ কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখত মুকলি কৰা হ’ল ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে লেহত মঙ্গলবাৰে উদ্বোধন কৰে এই বতৰ বিজ্ঞান কেন্দ্ৰ ৷ সাগৰপৃষ্ঠৰ পৰা ৩৫০০ মিটাৰ উচ্চতাত কেন্দ্ৰটো নিৰ্মাণ কৰিছে ভাৰত বতৰ বিজ্ঞান বিভাগ (IMD) য়ে ৷ এতিয়াৰে পৰা লাডাখৰ স্থানীয় জলবায়ু তথা বতৰ বিজ্ঞান সম্বন্ধীয় সকলো তথ্যৰ পূৰ্বানুমান পোৱা যাব এই বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ৷
লেহ বতৰবিজ্ঞান কেন্দ্ৰৰ জৰিয়তে কৃষি বিভাগ, সুৰক্ষা বিভাগ আৰু ঘাইপথসমূহত যাতায়ত পৰিবহনৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ বতৰবিজ্ঞান সম্বন্ধীয় আগতীয়া তথ্য বিশেষভাবে প্ৰেৰণ কৰিব ৷ অৰুনাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পাছতে হিমালয়ত স্থাপিত দ্বিতীয়টো বতৰ বিজ্ঞান কেন্দ্ৰ হৈছে লেহৰ বতৰবিজ্ঞান কেন্দ্ৰ ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে, কেন্দ্ৰীয়শাসিত অঞ্চলটোত অৰ্থাৎ দুয়োখন জিলা লেহ আৰু কাৰ্গিলত ৩ দিন( চৰ্ট ৰেঞ্জ), ১২ দিন( মিডিয়াম ৰেঞ্জ) আৰু ৩০ দিন ( লং ৰেঞ্জ) ত জলবায়ু সন্দৰ্ভত পূৰ্বানুমান প্ৰদান কৰিব ৷