দেশত পুনৰ বৃদ্ধি পাইছে কʼভিড আক্ৰান্তৰ সংখ্যা। দেশৰ ৰাজধানী নতুন দিল্লীত বিগত ২৪ ঘণ্টাত ৩৬৬ জন লোক নতুনকৈ কʼভিডত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে দিল্লীত কʼভিড আক্ৰান্তৰ হাৰ আছিল ২.৪৯ শতাংশ। কিন্তু শুকুৰবাৰে এই সংখ্যা ৩.৯৫ শতাংশলৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে, ৰাজধানী দিল্লীত কʼভিডৰ সক্ৰিয় ঘটনাই ১০০০ৰ সীমা অতিক্ৰম কৰিছে। দিল্লীত এইদৰে কʼভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনা সমগ্ৰ দেশৰ বাবেই চিন্তাৰ কাৰণ হৈ পৰিছে। অৱশ্যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনসাধাৰণক আশ্বাস দিছে যে বৰ্তমানেও পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
অৰবিন্দ কেজৰিৱালে কৈছে যে, কʼভিডৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজধানী দিল্লীত ৬৫,০০০ বিচনা প্ৰস্তুত কৰা হৈছে। তেওঁ কয়, চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু কʼভিড আক্ৰান্তৰ সকলৰ বেছিভাগৰ ক্ষেত্ৰতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নাই।
ৰাজধানী দিল্লীত পুনৰ কʼভিড আক্ৰান্তৰ সংখ্যা এইদৰে বৃদ্ধি পোৱাৰ ফলত পুনৰ কিছু কিছু ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। দিল্লী চৰকাৰে জাৰি কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, যদি কʼভিড সংক্ৰমণ দ্ৰুত গতিত বিয়পে, চৰকাৰে দুসপ্তাহৰ ভিতৰত দিল্লীৰ প্ৰতিটো ৱাৰ্ডত ১০০ খনকৈ অক্সিজেন বিচনা বৃদ্ধি কৰিব। ইয়াৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই আছে। কোনো ব্যক্তিয়েই যাতে জৰুৰীকালীন অৱস্থাত বিচনাৰ অভাৱৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে ৬৫ হাজাৰ বিচনা সাজু কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান, দিল্লীত ৩৭ হাজাৰ কʼভিড বিচনা আৰু ১০,৫৯৪ কʼভিড আইচিইউ বিচনা উপলব্ধ।