আইতাক ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰা সিদ্ধান্তক ভুল বুলি স্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে৷
কৰ্ণেল বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে৷
তেওঁ কয় যে যদিও এই সিদ্ধান্ত ভুল আছিল তথাপিও ইয়াৰ পৰা কংগ্ৰেছে কোনো ধৰণৰ সুযোগ লোৱা নাছিল৷
বৰ্তমান মোদী চৰকাৰে কিন্তু সততে দেশৰ গণতান্ত্ৰিক পৰম্পৰাত ব্যাঘাত জন্মাই আহিছে বুলিও অভিযোগ কৰে নেতাজনে৷
পিতৃ ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডক মৰ্মান্তিক বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে তেওঁৰ পিতৃৰ হত্যাকাণ্ড বহু পূৰ্বতেই অৱধাৰিত আছিল বুলি অনুভৱ কৰিব পাৰিছিল৷
photo: google