গণতন্ত্ৰ দিৱসত সংঘটিত লালকিল্লা আক্ৰমণৰ মূল অভিযুক্ত দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে।
পঞ্জাৱৰ ম’হালীৰ পৰা মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে দীপ সিদ্ধুক।
২৬ জানুৱাৰীৰ পিছৰে পৰা পলায়ন কৰি আছিল দীপ সিদ্ধু।
লালকিল্লাত আক্ৰমণ আৰু ধৰ্মীয় পতাকা উৰুওৱাৰ বাবে দেশদ্ৰোহীৰ অপৰাধত দীপ সিদ্ধুৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
কেন্দ্ৰীয় চৰকাৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষক বিদ্ৰোহৰ আজি ৭৬ দিন অতিক্ৰম কৰিলে।
ইয়াৰ মাজতে ২৬ জানুৱাৰীত সংঘটিত ঘটনাৰ মাষ্টাৰমাইণ্ডক মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
উল্লেখ্য, যোৱা ৩ ফেব্ৰুৱাৰীত দীপ সিদ্ধু, যুগৰাজ সিং সহিতে ৪ গৰাকী ব্যক্তিৰ সন্ধান দিয়া লোকক এক লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছিল দিল্লী আৰক্ষীয়ে।
ধৃত ৪ ব্যক্তি ধৰ্মীয় পতাকা উত্তোলন আৰু লালকিল্লা আক্ৰমণত জড়িত আছিল।
photo: google