নিউজ ডেস্কঃ দীপাৱলী উপলক্ষে দিল্লী চৰকাৰে আতচবাজী ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও মহানগৰখনৰ লোকে চৰকাৰৰ নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখুওৱা পৰিলক্ষিত হৈছে৷ দিল্লী আৰু এনচিআৰৰ নাগৰিকসকলে প্ৰচুৰ মাত্ৰাত ফটকা ফুটাই মহানগৰখনৰ পৰিবেশ দূষিত কৰা দেখা যায়৷ দিল্লীৰ কেতবোৰ অঞ্চলত বায়ুৰ মান সূচাংক ৭৩৭ লৈ অৱনমিত হয়৷
অৱশ্যে আবেলিৰ ভাগলৈ হোৱা বৰষুণে প্ৰদূষণৰ মাত্ৰা আংশিকভাৱে হ্ৰাস কৰা পৰিলক্ষিত হয়৷