নিউজ ডেস্কঃ পোহৰৰ উৎসৱ দিপাৱলীত এইবাৰ উৰিষ্যা আৰু ৰাজস্থান চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰ দীপাৱলীত ব্যৱহাৰ কৰিব নোৱাৰিব ফটকা। আনকি কৰিব নোৱাৰিব বিক্ৰীও। ক’ৰোনাত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
ক’ৰোনাত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অহা ১০ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত উৰিষ্যাত ফটকা, আটচবাজী ফুটোৱা বা বিক্ৰী কৰা নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে। আনহাতে উৰিষ্যা চৰকাৰে এইবাৰ দীপাৱলীত কেৱল মাটিৰ চাকি আৰু মমবাতি জ্বলাবলৈ আহ্বান জনাইছে। আনহাতে ৰাজস্থান চৰকাৰেও লৈছে অনুৰূপ সিদ্ধান্ত। দীপাৱলীত এইবাৰ ফটকা বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে ৰাজস্থান চৰকাৰেও।
একেদৰে পশ্চিম বংগ , হাৰিয়ানা আৰু দিল্লী চৰকাৰেও দীপাৱলীত এইবাৰ ফটকা ব্যৱহাৰ নিষিদ্ধ কৰিছে।
কিন্ত অসম চৰকাৰে এই সন্দৰ্ভত এই পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।