নিউজ ডেস্কঃ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্কুল বেগৰ ওজনৰ ক্ষেত্ৰক লৈ জাৰি কৰা এই নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ ওজনৰ ওপৰত ভিত্তি কৰিহে স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰা হ’ব বুলি নিৰ্দেশনাযোগে জনায় ৷ ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ ১০% তকৈ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন। প্ৰথম পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কঢ়িয়াব পাৰিব ১.৬ পৰা ২.২ কিঃগ্ৰাঃ ওজনৰ বেগ। তৃতীয় পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজন ১.৭ৰ পৰা ২.৫ কিঃগ্ৰাঃ ভিতৰত হ’ব লাগিব। ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজন ২কিঃগ্ৰাঃ বা ৩কিঃগ্ৰাঃ ৰ ভিতৰত হ’ব লাগিব। অষ্টমৰ পৰা দশম শ্ৰেণীলৈ ২.৫ কিঃগ্ৰাঃৰ পৰা ৪ কিঃগ্ৰাঃৰ ভিতৰত হ’ব লাগিব লগতে বিদ্যালয়ৰ চৌহদ ওজন জোখ-মাপ কৰা ডিজিটেল যন্ত্ৰ থাকিব লাগিব।
উল্লেখ্য যে, দ্বিতীয় শ্ৰেণীলৈকে দিব নোৱাৰিব হোমৱৰ্ক। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সপ্তাহত ১ ঘণ্টাকৈ হোমৱৰ্ক দিব পাৰিব। ঠিক সেইদৰে ষষ্ঠ পৰা অষ্টম শ্ৰেণীলৈকে দৈনিক ১ঘণ্টা হোমৱৰ্ক দিব পাৰিব। নৱম পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰতিদিনে ২ঘণ্টাকৈ হোমৱৰ্ক দিব পাৰিব।