নিউজ ডেস্কঃ মঙলবাৰে বিৰোধীশূন্য ৰাজ্যসভাত গৃহীত হ’ল বিতর্কৰ আৱর্তত সোমাই পৰা ‘কৃষি বিধেয়ক’ৰ অন্যতম অংশ ‘দ্য এছেন্সিয়েল কম’ডিটিজ (সংশোধনী) বিল–২০২০’৷ ধ্বনি ভোটত গৃহীত হোৱা এই বিধেয়কখনৰ জৰিয়তে দাইল, আলু, পিঁয়াজ, খোৱা তেল, তৈল বীজ আদিক অত্যাৱশ্যকীয় সামগ্রীৰ তালিকাৰ পৰা কর্তন কৰা হৈছে৷ অর্থাৎ এতিয়াৰে পৰা দাইল, আলু, পিঁয়াজ, খোৱা তেল, তৈল বীজ আদি অত্যাৱশ্যকীয় সামগ্রী নহ’ব৷ অৱশ্যে নির্দিষ্ট বিধি অনুসৰি বিধেয়কখন ৰাষ্ট্রপতি ভৱনলৈ প্রেৰণ কৰা হ’ব আৰু ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে তাত স্বাক্ষৰ কৰাৰ পিছতেই সংশোধনী বিধেয়কখন পৰিণত হ’ব আইনত৷
সংশোধনী বিধেয়কখন কিয় সংসদত উত্থাপন কৰিবলগীয়া হ’ল, সেই সন্দর্ভতো আজি ৰাজ্যসভাত চৰকাৰী পক্ষই যুক্তি দাঙি ধৰে৷ এই সন্দর্ভত কোৱা হয় যে ১৯৫৫ চনত আইনখন প্রণয়নৰ সময়ত দেশত খাদ্য সংকট আছিল৷ যাৰ বাবে খাদ্য সামগ্রী আমদানি কৰিবলগীয়া হৈছিল বিদেশৰ পৰা৷ পিছে এতিয়া দেশত খাদ্য সামগ্রীৰ উৎপাদন বহুগুণে বৃদ্ধি পাইছে৷ আমদানিৰ পৰিৱর্তে এতিয়া ভাৰতে খাদ্যশস্য ৰপ্তানি কৰিবলৈ সক্ষম৷ প্রতিবছৰে উৎপাদিত খাদ্য সামগ্রী ৰাহি হয়৷ কেতিয়াবা উৎপাদন বেছি হ’লে কৃষকসকলে আনকি লোকচানৰো সন্মুখীন হ’বলগীয়া হয়৷ এনেবোৰ কাৰণতেই অত্যাৱশ্যকীয় পণ্য আইনখনত সংশোধনী অৱশ্যম্ভাৱী হৈ পৰিছিল৷
কেন্দ্রীয় চৰকাৰৰ এনে দাবীক একমুখে নস্যাৎ কৰিছে বিৰোধী শিবিৰে৷ বিৰোধীৰ মতে, এই বিধেয়কখন উভয় সদনতে পাছ হোৱাৰ পিছত আইনত পৰিণত হ’লে অত্যাৱশ্যকীয় সামগ্রীৰ বজাৰ সম্পূর্ণৰূপে পুঁজিপতি গোষ্ঠীৰ নিয়ন্ত্রণলৈ যাব৷ পুঁজিপতি গোষ্ঠীয়ে ইচ্ছামতে কম মূল্যত কৃষি শস্য ক্রয় আৰু মজুত কৰি বজাৰত কৃত্রিম নাটনিৰ সৃষ্টি কৰিব পাৰিব৷ অকল সেয়াই নহয়, কৃত্রিম নাটনিৰ সৃষ্টিৰে আকাংশলংঘী মূল্যবৃদ্ধি ঘটাই মুনাফা অর্জন কৰিব৷ ইয়াৰ ফলত কৃষকসকল ক্ষতিগ্রস্ত হোৱাৰ সমান্তৰালভাৱে মাধমাৰ পৰিব মধ্যবিত্তৰ মূৰতো৷ মন কৰিবলগীয়া যে আজি বিধেয়কখন গৃহীত হোৱাৰ সময়ত ৰাজ্যসভাত নাছিল বিৰোধী শিবিৰ৷