অক্টোবৰ পৰ্যন্ত অব্যাহত থাকিব কৃষক বিদ্ৰোহ ।
শুকুৰবাৰে এই কথা ঘোষণা কৰে ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে ।
আন্দোলন স্থগিত কৰাৰ নিৰ্দিষ্ট সময়সীমা বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা নাই কৃষক সংগঠনসমূহে ।
সংযুক্ত কিষাণ মৰ্চাৰ নেতা গুৰনাম সিঙৰ বক্তব্যৰ উত্তৰত প্ৰকাশ কৰিছে এই কথা ।
চৰকাৰে তিনি বিতৰ্কিত কৃষি আইন বাতিল নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুমকি আন্দোলনকাৰীৰ ।
উল্লেখ্য, এতিয়াৰেপৰা প্ৰতিবছৰে ২ অক্টোবৰত গাজীপুৰ সীমান্তত কৃষক আন্দোলন কৰিব কৃষকসকলে ।