নিউজ ডেস্কঃ সমগ্ৰ ভাৰতত কৃষি সংস্কাৰ আইন প্ৰণয়ন কৰা ছমাহ হৈ গ’ল৷ কিন্তু হঠাতে যেন ক’ৰবাৰ পৰা এটা ধুমকেতুহে খহি পৰিল৷ ক’ৰোনাৰ প্ৰভাৱ হ্ৰাস হৈ অহাৰ লগে লগেই এটা এটাকৈ আন্দোলন-বিদ্ৰোহে মূৰ তুলি উঠিল৷ শেহতীয়াকৈ দিল্লী সীমান্তত কৃষকসকলে প্ৰচণ্ড শীতকো নেওচি মোদী চৰকাৰৰ বিৰুদ্ধে যিদৰে বিক্ষোভ প্ৰদৰ্শন কৰিছে সেয়া সঁচাকৈয়ে চিন্তনীয় বিষয় হৈ পৰিছে৷
এই সন্দৰ্ভত হস্তক্ষেপ কৰিবলগীয়া হৈছে স্বয়ং ভাৰতৰ উচ্চতম ন্যায়ালয়ে৷ মোদী চৰকাৰক সঁকীয়াই দি উচ্চতম ন্যায়ালয়ে অতি শীঘ্ৰেই এই সমস্যাৰ সমাধান হোৱাটো বিচাৰিছে৷
আন্দোলনত ব্যস্ত এচাম কৃষকে দিল্লী সীমান্ত ট্ৰেক্টৰ-ট্ৰলীৰ ওপৰত নিজৰ বসতি স্থাপন কৰিছে যাতে তেওঁলোকে দীৰ্ঘদিন ধৰি বিক্ষোভ প্ৰদৰ্শন কৰিব পাৰে৷
পাটিয়ালাৰ ৩১ বৰ্ষীয় কৃষক ৰাছপিন্দৰ সিং আৰু তেওঁৰ দহজন কৃষক সহযোগীৰ সৈতে ট্ৰেক্টৰৰ ট্ৰলীত থকা-খোৱাৰ সকলো ব্যৱস্থা কৰি লৈছে৷ ট্ৰলীতেই তেওঁলোকে দৈনন্দিন জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই লৈছে৷ সিঙৰ মতে এতিয়াৰে পৰা ট্ৰলীখনেই তেওঁলোকৰ ঘৰ৷
ফটেহগড় চাহিবৰ আন এজন ৬৫ বৰ্ষীয় কৃষক ৰাজিন্দৰে চাহৰ ব্যৱস্থা কৰি লৈছে৷ পুৱা ৬ বজাতেই উঠি তেওঁ আন্দোলনকাৰী সহযোগীসকলক চাহ বিলায়৷ এয়াই নহয়, তেওঁৰ ট্ৰলীখনত আইন আৰু ফণিৰো ব্যৱস্থা আছে যাতে সহযোগীসকলে নিজকে ধুনীয়া কৰি ৰাখিব পাৰে৷
এনে গুৰুত্বপূৰ্ণ আন্দোলনৰ মাজতে কৃষকসকলৰ এই নৈমিত্তিক কাৰ্য-কলাপে সকলোকে চিন্তাৰ খোৰাক যোগাইছে৷