নিউজ ডেস্কঃ ৰাজধানী দিল্লীত কৃষক আন্দোলনে এমাহ গৰকিলে ৷
কিন্তু কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আজিও অটল কৃষকসকল ৷
ইতিমধ্যে কৃষি আইনৰ সংস্কাৰ সাধন কৰা হ’ব বুলি কৃষকসকলক আশ্বাস প্ৰদান কৰিছে চৰকাৰে ৷
কিন্তু নিজৰ নিজৰ স্থিতিত অটল উভয় পক্ষ ৷
কৃষকৰ ট্ৰেক্টৰ শক্তি প্ৰদৰ্শনৰ পিছতেই আজি এক বৈঠক অনুষ্ঠিত হ’ব চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত ৷
আজি দিনৰ ২ বজাত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব উভয় পক্ষৰ মাজৰ অষ্টমখন বৈঠক ৷
ভাৰতীয় কিষাণ ইউনিয়ন,পঞ্জাৱৰ ৰাজ্যিক অধ্যক্ষ জগজীৎ সিং দল্লেৱালৰ মতে কৃষকসকলে চৰকাৰৰ প্ৰতি এটি আশা পুহি ৰাখিছে ৷
কাৰণ আন্দোলন যথেষ্ট দীঘলায়া হৈছে,আৰু কালি ট্ৰেক্টৰ শক্তি প্ৰদৰ্শনও যথেষ্ট ফলপ্ৰসু হৈছে ৷
চৰকাৰে বুজি উঠা উচিত যে কৃষকসকলৰ ঐক্যশক্তিয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিছে ৷
কেতিয়াও পিছুৱাই নাযায় কৃষকসকল ৷
কৃষক নেতা অভিমন্যুই কয় চৰকাৰে তিনিওখন আইন উঠাই ল’ব লাগিব আৰু এম এছ পি গ্যাৰেণ্টি এক্ট কাৰ্যকৰী কৰিব লাগিব ৷
চৰকাৰে যদি সোনকালেই কোনো এটা সিদ্ধান্তত উপনীত নহয় আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে কৃষক নেতা গৰাকীয়ে ৷
এক যোগাত্মক দৃষ্টিভংগীৰে আজিৰ বৈঠকখন আহ্বান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷
কাৰণ এই আন্দোলন কিছুসংখ্যক লোকৰ আন্দোলন নহয়,সমগ্ৰ দেশৰ আন্দোলন এই কৃষক আন্দোলন ৷