ৰাজধানীত পুনৰ কৃষকৰ আত্মহত্যা ।
শনিবাৰে দিল্লীৰ কৃষক আন্দোলনত অংশগ্ৰহণ কৰা আন এজন আন্দোলনকাৰী কৃষকে আত্মহত্যা কৰে ।
অমৃতসৰৰ ৰতন সিংহ নামৰ কৃষকজনে আত্মহত্যা কৰে দিল্লীৰ সিংঘু বৰ্ডাৰত ।
পঞ্জাৱৰ কৃষক মজদুৰ সংঘৰ্ষ সমিতিৰ কৰ্মকৰ্তা আছিল ৰতন সিংহ ।
দিল্লীৰ সিংঘু বৰ্ডাৰত হাজাৰ হাজাৰ কৃষকে যোৱা দুমাহ ধৰি আন্দোলন কৰি আহিছে ।
কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে এই আন্দোলন ।
৫০ দিন অতিক্ৰম কৰা এই আন্দোলনত ইতিমধ্যেই কেইবাগৰাকী কৃষকৰ মৃত্যু হৈছে ।
কৃষক সংগঠন আৰু চৰকাৰৰ মাজত হোৱা বৈঠক সন্দৰ্ভত কৃষি মন্ত্ৰী নৰেন্দ্ৰ টোমৰে কয় যে কৃষক সংগঠনসমূহে তিনি কৃষি আইন উঠাই লবলৈ প্ৰস্তাৱ আগবঢ়ায় যদিও চৰকাৰে সংশোধন কৰাৰ আশ্বাস প্ৰদান কৰে ।
২ বছৰলৈকে কৃষি আইন স্থগিত ৰখাৰ সিদ্ধান্তক মানি নলয় কৃষক সংগঠনসমূহে ।