নিউজ ডেস্কঃ ৰাজধানী দিল্লীত এমাহ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ভাৰতৰ কৃষক সংগঠনসমূহে ৷ তিনিখন নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত চলাই নিছে এই নিৰন্তৰ প্ৰতিবাদ ৷ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই সন্দৰ্ভত সাত মাৰ্কিন সাংসদে পত্ৰ প্ৰেৰণ কৰিছে বিদেশ সচিব মাইক পম্পিঅ’লৈ ৷ ভাৰতৰ বিদেশ মন্ত্ৰীৰে আলোচনা কৰিবৰ বাবে এই পত্ৰ লিখিছে সাংসদসকলে ৷ সাত মাৰ্কিন প্ৰতিনিধিৰ ভিতৰত আছে ভাৰতীয় মূলৰ আমেৰিকান কংগ্ৰেছ প্ৰতিনিধি প্ৰমীলা জয়াপালো ৷
লক্ষণীয়ভাবে, কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত বিদেশী নেতাই মন্তব্য আগবঢ়োৱাটো যুক্তিসংগত নহয় বুলি ঘোষণা কৰি আহিছে দিল্লী প্ৰশাসনে ৷ গণতান্ত্ৰিক দেশ এখনৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য আগবঢ়োৱাটো উচিত নহয় বুলিও উল্লেখ কৰিছে বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷ গতিকে মাৰ্কিন সাংসদৰ এই দাবী সন্দৰ্ভত ভাৰতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে৷
ইপিনে, প্ৰধানমন্ত্ৰী মোদীয়ে নতুন কৃষি আইনে কৃষকসকলক অধিক উপকৃত কৰিব বুলি ঘোষণা কৰাৰ পিছতে কৃষকসকলে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে ৷