দেশ কঁপাই তুলিছে কৃষকৰ আন্দোলনে ৷ মোডী চৰকাৰে আইনলৈ গৃহীত কৰা কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ ‘দিল্লী চলো’ কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যৰে ছখনকৈ ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে কালিৰে পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলক দিল্লীত প্ৰৱেশত বাধা দিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে মোডী চৰকাৰৰ প্ৰশাসনে। কৃষি প্ৰধান দেশখনত অন্নদাতা কৃষকৰ প্ৰতিবাদ তুংগত উঠিছে।‘দিল্লী চলো ‘ প্ৰতিবাদত অংশ লোৱা কৃষকসকলে কালিৰে পৰা আৰক্ষীৰ তীব্ৰ বাধাক নেওচি দিল্লীৰ সীমাত উপস্থিত হৈছে যদিও তাৰ পৰা তেওঁলোকক আগুৱাত বাধা দিবলৈ আৰক্ষীয়ে পানীহিলৈ নিক্ষেপৰ লগতে কন্দুৱা গেছো প্ৰয়োগ কৰিছে।
কৃষকৰ বিৰুদ্ধে আৰক্ষীয়ে এনেদৰে শক্তি প্ৰয়োগ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে দৃঢ়তাৰে থিয় দিয়া বুলি প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। অন্নদাতাসকলৰ এই প্ৰতিবাদে দেশৰ ৰাজনীতিতো প্ৰবল ধুমুহা তুলিছে। তেওঁলোকক দিল্লীৰপৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলেও এই প্ৰতিবাদে সমগ্ৰ দেশতে যে আলোড়ন তুলিব সেয়া নিশ্চিত হৈ পৰিছে ।