পঞ্জাৱৰ হোছিয়াৰপুৰত কৃষক পিতৃ আৰু পুত্ৰই বিষপান কৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়।
দুয়োয়ে নিজৰ ছুইচাইড নোটত পঞ্জাৱ চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক আত্মহত্যাৰ দোষী সাব্যস্ত কৰে।
জানিবলৈ দিয়া অনুসৰি, হোছিয়াৰপুৰৰ দছুহা গাঁও মুহদ্দীপুৰত ৭০ বছৰীয়া জগতাৰ সিং আৰু তেওঁৰ ৪৫ বছৰীয়া কৃষক পুত্ৰই ছালফাৰ খাই আত্মহত্যা কৰে। মৃতদ্বয় মূৰত যথেষ্ট ঋণ আছিল।
সুখবিন্দৰ বাজৱাই ক’লে যে তেওঁৰ ভাতৃ জগতাৰ(৭০) পুত্ৰ কৃপাল সিং(৪৫)ৰ সৈতে নিশা আহাৰ গ্ৰহণৰ পিছত শুই গৈছিল।
প্ৰতিদিনৰ দৰে তেওঁলোকৰ ঘৰৰ পৰা গাখীৰ নিবলৈ আহিছিল ওচৰৰ মানুহ।
কিন্তু পিছত যেতিয়া চেষ্টা কৰিও দুৱাৰ নুখুলিলে ওচৰ-চুবুৰীয়াই তেওঁক ঘটনাটোৰ বিষয়ে জনায়।
তেওঁ ঘৰটোৰ পাছফালে গৈ প্ৰত্যক্ষ কৰে যে পিতৃ-পুত্ৰৰ মৃতদেহ পৃথক-পৃথক ভাৱে পৰি আছিল।
তেওঁ ক’লে যে তেওঁৰ ভাতৃ আৰু ভতিজা কৃষক আন্দোলনত দিল্লীত গৈছিল আৰু ৩ কৃষি আইন তথা পঞ্জাৱ চৰকাৰৰ তৰফৰ পৰা ঋণ ৰেহাই নিদিয়াৰ বাবে যথেষ্ট ক্ষুব্ধ হৈ আছিল।
তেওঁ ক’লে যে তেওঁৰ ভাতৃয়ে বেংক আৰু ছচাইটীৰ পৰা ঋণ লৈ থৈছিল আৰু তেওঁলোকে আশা কৰিছিল যে ঋণ ৰেহাই কৰি দিয়া হ’ব কিন্তু পঞ্জাৱ চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ।
ঘটনাস্থলীত লাভ কৰা ছুইচাইড নোটত দুয়োয়ে কেন্দ্ৰ আৰু পঞ্জাৱ চৰকাৰক নিজৰ আত্মহত্যাৰ দোষী সাব্যস্ত কৰে।
ছুইচাইড নোটত লিখা আছিল যে কৃষি আইন বাতিল নোহোৱাত আৰু ঋণ ৰেহাই কৰি নিদিয়াৰ বাধ্যত জীৱন ত্যাগ কৰে।
আৰক্ষীয়ে জনালে যে ঘটনাটোৰ বিষয়ে জানিব পৰা মাত্ৰকে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।
Photo: Google