উত্তৰ প্ৰদেশৰ হৰদোই জিলাৰ টোডৰপুৰ এলেকাত পিতৃয়ে কন্যাক হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
বুধবাৰে যেতিয়া অভিযুক্ত পিতৃয়ে নিজৰ কন্যাৰ কটা মূৰৰ চুলিত ধৰি পেডেল মাৰি যেতিয়া গৈ আছিল তেতিয়া প্ৰত্যক্ষদৰ্শীৰ চকু থৰ লাগি যায়।
ৰাইজে লোকজনৰ নিৰ্মমতা দেখি হতচকিত হৈ পৰে।
কোনোৱে বুজিব পৰা নাছিল যে হাতত কন্যাৰ কটা শিৰ লৈ গৈ থকা এইজন লোক কোন হয়।
কিছুসময়ৰ পিছতে সমগ্ৰ এলেকাটোত এই খবৰটো জুইৰ দৰে বিয়পি পৰে।
পিছত জানিব পৰা গ’ল যে সেই লোকজন মঝিলা থানা অঞ্চলৰ গ্ৰাম পাণ্ডেয়তাৰাৰ বাসিন্দা।
লোকজন শাক-পাচলি বিক্ৰেতা। বুধবাৰে সৰ্বেশে কন্যাক পৰিয়ালৰে কোনো সদস্যৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পাইছিল।
এই দৃশ্য প্ৰত্যক্ষ কৰি তেওঁ বুজি নাপালে যে কি কৰিব বা নকৰিব।
সন্ধিয়া প্ৰায় ৪.৩০ বজাত লোকজন ঘৰলৈ আহে আৰু কোঠাৰ দুৱাৰ বন্ধ কৰি দিয়ে।
ইয়াৰ পিছত আগ-পিছ একো নাচাই কুঠাৰেৰে আক্ৰমণ কৰি মূৰ আৰু দেহ পৃথক কৰি দিয়ে।
ইয়াৰ পিছত সৰ্বেশে মূৰটোৰ চুলিত ধৰি মঝিলা থানালৈ খোজকাঢ়ি খোজকাঢ়ি গ’ল।
হাতত কটা মূৰ দেখি গাঁওবাসীৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় আৰু আৰক্ষীক ঘটনাটোৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়ে। এই দেখি আৰক্ষীয়ে ৰাজপথতে কটা শিৰৰ সৈতে আটক কৰে। আৰক্ষীক দেখি পিতৃয়ে নিজেই ক’লে তেওঁ কন্যাৰ মূৰ কাটিছে আৰু কটা শিৰ লৈ থানালৈ আহি আছিল।
Photo: Google