ভাৰতত মাংকিপক্সত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। কেৰালাৰ এগৰাকী ব্যক্তিক মাংকিপক্সত আক্ৰান্ত হোৱাটো নিশ্চিত কৰাৰ পিছত হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয়।
উল্লেখ্যে যে, এই ব্যক্তিগৰাকী কিছুদিন পূৰ্বে আৰব ভ্ৰমণ কৰিছিল। আৰবৰ পৰা অহাৰ পিছতে তেওঁৰ দেহত মাংকিপক্সৰ উপস্থিতি ধৰা পৰে। আৰবত থকাৰ সময়ছোৱাতেই তেওঁক মাংকিপক্সত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছিল।
২২ বছৰীয়া এই যুৱকগৰাকী ২২ জুলাইত আৰবৰ পৰা আহি কেৰালাত উপস্থিত হোৱাৰ পিছতো যথেষ্ট সক্ৰিয় হৈ আছিল। কিন্তু ২৬ জুলাইত তেওঁৰ দেহত জ্বৰে দেখা দিয়াত তেওঁ এখন হাস্পতালত ভৰ্তি হয়। লাহে লােহ তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক লাইফ চাপ’ৰ্ট দি ৰখা হৈছিল।
উল্লেখ্যে যে ভাৰতত এতিয়ালৈকে ৪ জন লোকৰ দেহত মাংকিপক্সৰ লক্ষন ধৰা পৰিছে। সমগ্ৰ বিশ্বজুৰি প্ৰায় ৮০ খন দেশত ২২ হাজাৰ লোকৰ দেহত এই ৰোগ ধৰা পৰিছে।