নিউজ ডেস্কঃ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ দেহাৱসান ৷
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে অধিক ঘনিষ্ঠ থকা বুটা সিঙে ৮৬ বছৰ বয়সত ইহলীলা ত্যাগ কৰে ৷
বুটা সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰি কয় যে বুটা সিং এগৰাকী অনুভৱী প্ৰশাসকৰ লগতে দুখীয়া-দৰিদ্ৰ আৰু প্ৰতিগৰাকী লোকৰ কল্যাণৰ হকে কাম কৰা এগৰাকী হৃদয়বান ৰাজনৈতিক নেতা আছিল ৷
Shri Buta Singh Ji was an experienced administrator and effective voice for the welfare of the poor as well as downtrodden. Saddened by his passing away. My condolences to his family and supporters.
— Narendra Modi (@narendramodi) January 2, 2021
বুটা সিং ৰাজীৱ গান্ধীৰ শাসনৰ কালছোৱাত কংগ্ৰেছৰ গৃহমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল ৷
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে চৰ্দাৰ বুটা সিঙৰ মৃত্যুত দেশে এগৰাকী স্বচ্ছ জনপ্ৰতিনিধি আৰু এগৰাকী নিষ্ঠাবান নেতা হেৰুৱালে ৷
सरदार बूटा सिंह जी के देहांत से देश ने एक सच्चा जनसेवक और निष्ठावान नेता खो दिया है।
उन्होंने अपना पूरा जीवन देश की सेवा और जनता की भलाई के लिए समर्पित कर दिया, जिसके लिए उन्हें सदैव याद रखा जाएगा।
इस मुश्किल समय में उनके परिवारजनों को मेरी संवेदनाएँ।
— Rahul Gandhi (@RahulGandhi) January 2, 2021
তেওঁ গোটেই জীৱন দেশ সেৱা আৰু জনতাৰ হকে নিঃস্বাৰ্থভাৱে নিজকে উচৰ্গা কৰিছিল ৷
এই দুখৰ সময়ছোৱাত তেখেতৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে সাংসদ ৰাহুল গান্ধীয়ে ৷