নিউজ ডেস্কঃ প্ৰায় ৬ দিনৰ পিছত ঘৰলৈ উভতিল প্ৰাক্তন অধিনায়ক তথা BCCI-ৰ অধ্যক্ষ সৌৰভ গাংগুলী।
উডলেণ্ড হস্পতালৰ পৰা সুস্থ হৈ উভতিল গাংগুলী।
জানিব পৰা মতে সৌৰভ গাংগুলীয়ে জিমত ৱৰ্কআউট কৰি আছিল ৷
জিমটো তেওঁৰ ঘৰৰ ভিতৰতে আছিল। হঠাৎ গাংগুলীৰ বুকুৰ বিষ হয় আৰু তাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।
উল্লেখযোগ্য যে শনিবাৰে পুৱাৰে পৰা সৌৰভ গাংগুলীৰ হৃদযন্ত্ৰ সম্বন্ধীয় সমস্যা হৈছিল আৰু তেওঁক উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা মতে সৌৰভ গাংগুলীক Angioplasty-ৰ আৱ্যশক আছিল।
উল্লেখ্য, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সৌৰভ গাংগুলী শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা কৰি টুইট কৰিছিল ।