নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷
এখন দ্ৰুতগতিত অহা ৰে’লে কাটি টুকুৰা-টুকুৰ কৰিলে ৪ গৰাকী লোকক ৷
দুৰ্ঘটনাটো সংঘটিত হৈছে জাৱলপুৰ ৰে’লৱে ষ্টেচনৰ ওচৰতে থকা জামালপুৰ গেটৰ সমীপত ৷
এটা নতুন ৰে’লৱে ট্ৰেকত পৰীক্ষামূলকভাৱে চলোৱা হৈছিল ৰে’লখন ৷
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে ঘটনাৰ বিচাৰক পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷
জি আৰ পি ৰ পৰিদৰ্শক অনুজ সিঙে কয় ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীৰ নিকটৱৰ্তী ৰে’ল গেটখন বন্ধ কৰা আছিল ৷
ৰে’ললাইনটো পাৰ হোৱাৰ সময়তে চাৰিওগৰাকী ব্যক্তিক ৰে’লখনে মহটিয়াই থৈ যায় ৷
এই পৰ্যন্ত মৃতদেহ চিনাক্তকৰণ হোৱা নাই ৷
ৰে’ল কৰ্তৃপক্ষৰ মতে, সকলো জ্যেষ্ঠ কৰ্মচাৰীৰ উপস্থিতিত ঘণ্টাত ১১০ কিঃমিঃ বেগত চলিছিল ৰে’লখন ৷
লস্কৰ আৰু হৰিদ্বাৰ সংযোগী ৰে’ল লাইন এটাই আছিল ৷
দ্বিতীয়টো লাইন সম্প্ৰতি স্থাপন কৰা হৈছে ৷
মুৰাদাবাদ ডিভিজনৰ চিনিয়ৰ ডি চি এম ৰেখা শৰ্মাই জনাই,ৰে’লখনৰ গতিবেগ আৰু সুৰক্ষাৰ দিশটো পৰীক্ষাৰ বাবে অনাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷
উল্লেখ্য, লোককেইজনে ৰে’ল গেট ব্যৱহাৰ কৰাৰ সলনি ৰে’ল লাইনৰ ওপৰেৰে খোজ কাঢ়ি আহি আছিল ৷
ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷