ভয়াৱহ মূল্যবৃদ্ধিয়ে দেশৰ জনতাক কোঙা কৰাৰ সময়তে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধই আনিছে অধিক বেয়া খবৰ। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতে সমগ্ৰ বিশ্বতে বিৰূপ প্ৰভাৱ পেলাইছে আৰু এনে পৰিস্থিতিৰ বাবে দেশত পেট্ৰ’ল ডিজেলৰপৰা সোণ আৰু এলুমিনিয়ামলৈকে, বহু সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ আশংকা ঘনীভূত হৈছে ৷ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যই প্ৰতি বেৰেলত ১০০ ডলাৰ পাৰ কৰিছে। সেয়েহে ভাৰতত ইন্ধনৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত।
ভাৰতৰ ৫ ৰাজ্যত চলি থকা নিৰ্বাচনৰ বাবে, বিশেষকৈ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানলৈকে পেট্ৰল , ডিজেলৰ মূল্যবৃদ্ধি কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অৰ্থাৎ ৭ মাৰ্চৰ পাছতে ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহে প্ৰতি লিটাৰ পেট্ৰ’ল ডিজেলৰ মূল্য ১৫ৰ পৰা ২০ টকা পৰ্যন্ত বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত।
উল্লেখ্য যে, ৩ নৱেম্বৰৰপৰা তেল বিপণন প্ৰতিষ্ঠানসমূহে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ঘটোৱা নাই। এই সময়খিনিত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১৫ ডলাৰ পৰ্যন্ত বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলৰ মূল্য এক ডলাৰ বাঢ়িলে ভাৰতত প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য ৫০-৬০ পইচা বঢ়োৱা হয় ৷
অৱশ্যে, কেৱল পেট্ৰল ডিজেলেই নহয়, ইউক্ৰেইন সংকটে প্ৰাকৃতিক গেছৰ বজাৰতো প্ৰভাৱ পেলাব ৷ কিয়নো বিশ্বৰ ১৭ শতাংশ গেছ উৎপাদন কৰে ৰাছিয়াই ৷ ফলত এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ নাটনি হৈছে। ইয়াৰ ফলত প্ৰতি কিলো ৰন্ধন গেছ আৰু চিএনজিৰ মূল্য ১০টকাৰপৰা ১৫ টকা পৰ্যন্ত বৃদ্ধি হোৱাটো নিশ্চিত ৷
সোণ আৰু এলুমিনিয়ামৰ দামো এই সংকটে বৃদ্ধি কৰাৰ আশংকা কৰা হৈছে ৷ বিশ্বৰ ৬ শতাংশ এলুমিনিয়াম উৎপাদন কৰে ৰাছিয়াই। ফেব্ৰুৱাৰী মাহত এলুমিনিয়ামৰ দাম বাঢ়িছে প্ৰায় ১৫ শতাংশ৷ মুঠৰ ওপৰত ইউক্ৰেইনৰ ড’নেস্ক আৰু লুহান্স্কক লৈ ৰাছিয়া আৰু মিত্ৰশক্তিৰ সংঘাতে ভাৰতবাসীকো মাধমাৰ শোধোৱাটো প্ৰায় নিশ্চিত।