নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ৬ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ পিছতে আক্ৰমণাত্মক হৈ উঠে বিৰোধী দল৷
দেশৰ মুখ্য বিৰোধী দল কংগ্ৰেছে প্ৰধান মন্ত্ৰীৰ ভাষণ দেশবাসীক নালাগে, কেৱল সঠিক সমাধানৰহে প্ৰয়োজন বুলি মন্তব্য কৰে।
কংগ্ৰেছে কয় যে মোদীয়ে ১৮ মাৰ্চত দাবী কৰি কৈছিল যে আমি ২১ দিনত ক’ৰ’না যুঁজত জয়ী হম। কিন্তু আজি ২১০ দিনৰ পিছতো ক’ৰ’না শেষ হোৱা নাই।
উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে মঙলবাৰে ক’ৰ’না প্ৰতিৰোধৰ স্বাৰ্থত ক’ভিড প্ৰটক’ল মানি চলিবলৈ দেশবাসীক আহ্বান জনাইছিল।