নিউজ ডেস্কঃ জানুৱাৰীৰ পৰা দৰমহা বৃদ্ধি হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ।
জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ জানুৱাৰী মাহৰ পৰা ৪ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে।
ৰিপ’ৰ্টত অনুসৰি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ সপ্তম দৰমহা আয়োগৰ হিচাপত ডিএ বৃদ্ধি কৰিব ৷
উল্লেখ্য, ২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰীৰ পৰা ৪ শতাংশ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।
বৰ্তমান বেছিক পে’ বা পেনচনৰ ১৭ শতাংশ ডিএ হিচাপে দিয়া হয়।
এই ১৭ শতাংশত আৰু ৪ শতাংশ ডিএ দিয়াৰ ঘোষণা হৈছিল।
ফলত ১৭ শতাংশৰ পৰা ডিএ বৃদ্ধি হৈ ২১ শতাংশ হোৱাৰ সম্ভাৱনা আছে।
যাৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী।
ইয়াৰ বাবে অতিৰিক্ত ১৪,৫৯৫ কোটি টকা খৰচ হ’ব।