এইবাৰ বাজেটৰ পূৰ্বে আপোনালোকৰ ভিতৰৰ বহু লোকৰ সৈতে বিশ্লেষণভাৱে আলোচনা হৈছিল।
এইবাৰৰ বাজেটে ভাৰতক পুনৰবাৰ High Growth Trajectoryত লৈ যাবলৈ স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰিছে।
বাজেটখনত ভাৰতৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ শক্তিশালী অংশীদাৰিত্বটো গুৰুত্ব প্ৰদান কৰা হৈছে।
বাজেটত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ Scope আৰু Targetsক Clarityৰ সৈতে প্ৰকাশ কৰা হৈছে।
পুনঃবিনিয়োগ আৰু সম্পদ নগদীকৰণ ইয়াৰ এক প্ৰধান দিশ।
যেতিয়া দেশত public sector enterprises আৰম্ভ কৰা হৈছিল, তেতিয়া সময় পৃথক আছিল আৰু দেশৰ প্ৰয়োজনীয়তাও পৃথক আছিল।
যিটো নীতি ৫০-৬০ বছৰ পূৰ্বে সঠিক আছিল, তাত পৰিৱৰ্তনৰ অনুৰোধ সদায়ে থাকে।
আজি আমি ইয়াক সংস্কাৰ কৰি আছো আৰু আমাৰ আটাইতকৈ বৃহৎ লক্ষ্য হ’ল যে ৰাইজৰ টকা উচিতভাৱে ব্যৱহাৰ হওক।
কেইবাটাও এনে প্লাবিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আছে যিকেইটাৰ অৱস্থা এতিয়া যথেষ্ট বেয়া।
ইয়াৰে কেইবাটাকো tax payer’s moneyৰ দ্বাৰা সহায় কৰিব লাগে। এক প্ৰকাৰেৰে, দৰিদ্ৰসকলৰ যি অধিকাৰ, আকাংক্ষাৰে পূৰ্ণ যুৱপ্ৰজন্মৰ অধিকাৰৰ, এইসমূহ ধন এইসমূহ এণ্টাৰপ্ৰাইজৰ কামত ব্যৱহাৰ কৰিব লাগে। যাৰ ফলত অৰ্থব্যৱস্থাটো যথেষ্ট প্ৰভাৱ পৰে। Public Sector Enterprisesক কেৱল ইয়াৰ বাবে চলাই থাকিব নালাগে যে কাৰণ এইসমূহ ইমান বছৰ ধৰি চলিয়েই আছে। Public Sector Enterprisesয়ে কোনো বিশেষ খণ্ডৰ প্ৰয়োজন পূৰণ কৰি থাকিলে বা কোনো strategic importanceৰ সৈতে সংলগ্ন হৈ থাকিলে মই বুজি পালো হেতেন আৰু তাৰে প্ৰয়োজনো বুজি পালো হয়। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
চৰকাৰৰ এইটো দায়িত্ব যে তেওঁলোকে দেশৰ উদ্যোগ আৰু ব্যৱসায়ক সম্পূৰ্ণভাৱে সমৰ্থন কৰক, কিন্তু চৰকাৰে নিজে উদ্যোগ চলোৱা বা স্বত্ত্বাধিকাৰী হোৱা, সেয়া আজিৰ যুগত সম্ভৱো নহয় আৰু আৱশ্যকো নহয়। যাৰ বাবে মই কৈছো যে- Government has no business to be in business। চৰকাৰৰ গুৰুত্ব সদায় ৰাইজৰ কল্যাণ আৰু বিকাশৰ সৈতে জড়িত পৰিকল্পনাসমূহতে থাকিব লাগে। অধিকতকৈ অধিক চৰকাৰৰ শক্তি, সংশাধন, শক্তি কল্যাণৰ বাবে ব্যৱহাৰ হ’ব লাগে। আনফালে চৰকাৰে যেতিয়া ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে তেতিয়া চাৰিওফালৰ পৰা ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়।
কিন্তু উচিত সিদ্ধান্ত গ্ৰহণ কৰাত চৰকাৰৰ সাহসৰ অভাৱ হয়। প্ৰতিজন লোকৰে আদালতৰ বা অভিযোগক লৈ ভয় হৈ থাকে। যাৰ বাবে এটাই চিন্তাধাৰাই চলি থাকে যে যি চলি আছে, চলি থাকক, মোৰ দায়িত্ব সীমাবদ্ধ। মোৰ পিছত যিজন আহিব তেওঁয়ে চাব।
এই চিন্তাধাৰাৰে ব্যৱসায় হ’বই নোৱাৰে আৰু আপোনালোকেও এই কথাটো ভালদৰে বুজি পায়। কিন্তু চৰকাৰে যেতিয়া ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকক এই কামসমূহৰ পৰা উলিয়াই, এনেধৰণৰ উপযুক্ত বিষয়াসকলক উলিয়াই নিজৰ ফালে লৈ যাব লাগে। যাৰ ফলত তেওঁলোকৰ প্ৰতিভাক লৈ ল’ৰা-ধেমালি কৰা হয়, সেই ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সৈতে অন্যায় কৰা হয়। ফলত সেইজন লোকসহ উদ্যোগটোৰ ক্ষতিসাধন হয়। আৰু এইদৰে দেশৰো বহু ক্ষতিসাধন হয়।
আজি ভাৰতত চৰকাৰৰ নিয়ন্ত্ৰণত বহুতো Underutilised আৰু un-utilized assets আছে। এই চিন্তাৰে আমি
National Asset Monetisation Pipelineৰ ঘোষণা কৰিছো। অইল, গেছ, পৰ্ট, এয়াৰপৰ্ট, পাৱাৰ, প্ৰায় এনেধৰণৰ ১০০ assetsক Monetize কৰাৰ লক্ষ্য আমি আগত ৰাখিছো। ইয়াৰে ২.৫ trillion টকাৰ বিনিয়োগ পোৱাৰ অনুমান কৰিছো। লগতে এই কথাটো কম যে এই প্ৰক্ৰিয়া আগলৈও জাৰ থাকিব। চৰকাৰে যিটো মন্ত্ৰক লৈ আগবাঢ়ি আছে, সেইটো হ’ল Monetise আৰু Modernise।
যেতিয়া চৰকাৰে Monetise কৰে তেতিয়া সেই স্থানটো দেশৰ ব্যক্তিগত খণ্ডলৈ প্ৰেৰণ কৰে। ব্যক্তিগত খণ্ডই নিজৰ সৈতে বিনিয়োগো আনে, global best practicesও লৈ আহে। Top qualityৰ manpowerয়ো লৈ আহে, managementত পৰিৱৰ্তন আনে। ইয়াৰ দ্বাৰা modernize হয়, সম্পূৰ্ণ খণ্ডত আধুনিকীকৰণ আহে, খণ্ডটোৰ দ্ৰুতভাৱে বিস্তাৰ হয় আৰু চাকৰিৰ নতুন সুযোগৰো জন্ম হয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো transparent হওক, নিয়মানুসৰিয়ে হওক কিন্তু
Monitor কৰাটো সিমানেই প্ৰয়োজন। Monetise আৰু Moderniseৰ সৈতে আমি সম্পূৰ্ণ অৰ্থব্যৱস্থাৰ দক্ষতা আৰু বৃদ্ধি কৰিব পাৰো।
Asset monetisation আৰু Privatizationৰ সৈতে জড়িত প্ৰতিটো সিদ্ধান্ত, দেশৰ নাগৰিকসকলৰ বাবে সেয়া দৰিদ্ৰই হওক, মধ্যবিত্তৰে হওক, যুৱ-প্ৰজন্ম হওক, মহিলা হওক, কৃষক হওক, শ্ৰমিক হওক তেওঁলোকক ক্ষমতায়ন কৰাত সহায় কৰিব।
Strategic Sectorsৰ উপৰিও বাকী PSEsৰ Privatizationক লৈ চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ। Strategic Sectorsতটো যিমান প্ৰয়োজন সিমান PSEs থাকিব। সেয়া আমি স্পষ্ট কৰিছো। এই বিনিয়োগৰো এটা clear roadmap প্ৰস্তুত হ’ব।
Photo: Google