হেডলাইন ৮ বিশেষঃ চাওতে চাওতে ইংৰাজীৰ এটা বছৰে আমাৰ পৰা বিদায় ল’বৰ হ’ল। বছৰটোৰ প্ৰথম মাহৰ পৰা এতিয়ালৈকে ক’ৰোনা মহামাৰীয়ে আমাক জুৰুলা কৰি আছে। ক’ৰোনাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো অৰ্থনীতিৰ ক্ষেত্ৰত এক হেঙাৰ হৈ থিয় দিছেহি । দেশৰ তথা সমগ্ৰ বিশ্বৰ অৰ্থনীতি বিপৰ্যস্ত কৰা ২০২০ বৰ্ষটো সকলোৰে স্মৰণীয় হৈ ৰ’ব। ক’ৰোনা মহামাৰীক কিছু সময় মনৰ পৰা আঁতৰাই আহক আমি চলিত বৰ্ষটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাণিজ্যিক খবৰলৈ চকু ফুৰাও–
১. চলিত বৰ্ষত দেশৰ শ্বেয়াৰ বজাৰত ক’ৰোনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। যোৱা ১৯ মাৰ্চত বি এছ ই আৰু এন এছ ইৰ সূচকাংক ১০ শতাংশলৈ হ্ৰাস পায়। অৱশ্যে লকডাউনৰ পৰৱৰ্তী পৰ্যায়ৰ পিছত ই কিছু সুস্থিৰ অৱস্থালৈ আহে।
২. চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি ৪০ বছৰৰ ভিতৰত সৰ্বাধিক পৰিমাণে হ্ৰাস পায়। ক’ৰোনা সংক্ৰমণ আৰু লকডাউনে প্ৰথমবাৰৰ বাবে মন্দাৱস্থাৰ গ্ৰাসত পেলায় দেশৰ অৰ্থনীতি।
৩. চলিত বৰ্ষতে সৰ্ববৃহৎ এফ ডি আই চুক্তি হয়। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড অৰ্থাৎ মুকেশ আম্বানিৰ মালিকানাধীন প্ৰতিষ্ঠানটোৱে জিঅ’ প্লেটফৰ্মত ১০ শতাংশ অংশীদাৰিত্ব ফেচবুকৰ ওচৰত ৪৩,৫৭৪ কোটি টকাত বিক্ৰী কৰে। উল্লেখ্য, ৰিলায়েন্সে ফেচবুক, গুগলসহ কেইবাটাও প্ৰতিষ্ঠানৰ ওচৰত জিঅ’ প্লেটফৰ্মৰ অংশীদাৰিত্ব বিক্ৰী কৰি ১,৫২ লাখ কোটি টকা পায়।
৪. ইয়াৰ উপৰিও লাডাখৰ সীমান্ত সংঘাতৰ ঘটনাৰ পিছত ভাৰতে চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ আৰম্ভ কৰি নিষিদ্ধ কৰে চীনৰ ২৬৭টাকৈ এপ্লিকেচন।
৫. ঠিক তেনেদৰে এই বৰ্ষতে গভীৰ সংকটৰ সন্মুখীন হয় দেশৰ দুটাকৈ আগশাৰীৰ বেংক প্ৰতিষ্ঠান ক্ৰমে ইয়েছ বেংক আৰু লক্ষ্মী বিলাস বেংক।
৬. চলিত বৰ্ষৰ আন এক ব্যৰ্থতা হ’ল এয়াই যে ভাৰত চৰকাৰে পুনৰ আৰম্ভ কৰে ৰাজহুৱা খণ্ডৰ বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়া। ঋণৰ বোজাত জৰ্জৰিত এই বিমান প্ৰতিষ্ঠানটো বিক্ৰীৰ বাবে ইতিমধ্যে নিবিদা প্ৰক্ৰিয়াও আৰম্ভ কৰিছিল চৰকাৰে। ইয়াৰ উপৰিও আন এক গুৰুত্বপূৰ্ণ বাণিজ্যিক ব্যৰ্থতা হ’ল ভ্ৰমণ-অতিথি সেৱা খণ্ডৰ দুৰ্যোগ।
ক’ৰোনা সংক্ৰমণৰ ফলত সৰ্বাধিক প্ৰভাৱিত হোৱা খণ্ডসমূহৰ ভিতৰত উল্লেখযোগ্য হল ভ্ৰমণ আৰু অতিথি সেৱা। আন্তঃৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বিমান সেৱা এতিয়াও স্বাভাৱিক নোহোৱাৰ ফলত গুৰুতৰ সমস্যাত পৰিছে বিভিন্ন ভ্ৰমণ সংস্থা আৰু হোটেল। পৰ্যটকৰ অভাৱত ইতিমধ্যে বন্ধ হৈ পৰিছে বিভিন্ন ভ্ৰমণ সেৱাৰ প্ৰতিষ্ঠান আৰু হোটেল।