নিউজডেস্কঃ ভাৰতত আজি ক’ভিড-১৯ৰ ফলত আৰোগ্য হোৱা লোকৰ সংখ্যাই ১.৫ মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে৷ এই ১৫,৩৫,৭৪৩ সংখ্যক ৰোগীয়ে আৰোগ্য পোৱাৰ মূল কাৰণ হ’ল সক্ৰিয়তাৰে কৰা চিকিৎসা তথা ব্যাপক অনুসৰণ৷
বিগত ২৪ ঘণ্টাত ৫৪,৮৫৯ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি পাইছে৷ ভাৰতত সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৯ লাখতকৈও অধিক হৈছে৷ কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সক্ৰিয় পৰীক্ষণ তথা কাৰ্যকৰী ক্লিনিকেল ব্যৱস্থাপনাৰ ফলত মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে৷
এয়াও গুৰুত্বপূৰ্ণ যে ১০খন ৰাজ্যত ক’ভিড-১৯ৰ ফলত সংক্ৰমিত হোৱা ৰোগীৰ সংখ্যা এতিয়াও ৮০%ত কৈ অধিক প্ৰদৰ্শিত কৰি আছে৷ এই সন্দৰ্ভত সেই ৰাজ্যসমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এয়াও গুৰুত্বপূৰ্ণ যে ১০খন ৰাজ্যত ক’ভিড-১৯ৰ ফলত সংক্ৰমিত হোৱা ৰোগীৰ সংখ্যা এতিয়াও ৮০%ত কৈ অধিক প্ৰদৰ্শিত কৰি আছে৷ এই সন্দৰ্ভত সেই ৰাজ্যসমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ |