অসমীয়া ভাষাক লৈ অসমৰ ৰাইজ সংকিত হোৱাৰ সময়তে মহাৰাষ্ট্ৰৰ চৰকাৰে ললে এক উল্লেখনীয় পদক্ষেপ। মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনৰ যিকোনো কাম-কাজত এতিয়াৰে পৰা মাৰাঠী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হ’ল। হিন্দী আৰু ইংৰাজী ভাষা নিষিদ্ধ কৰা হ’ল মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনত। মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ গৃহীত হ’ল আইন। মহাৰাষ্ট্ৰৰ গ্ৰাম্য, নগৰীয়া সকলো স্থানীয় প্ৰশাসনত মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে।
আইনখন গৃহীত হোৱাৰ পাছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব। বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু হিন্দী ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগতে আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত। বৃহস্পতিবাৰে চলিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে বিধেয়কখন গৃহীত কৰিবলৈ উত্থাপন কৰে।
উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়তত মাৰাঠী ভাষাক বাধ্যতামূলক কৰাৰ ব্যৱস্থা নাছিল যাৰ পৰিপ্ৰেক্ষিতত নতুন আইনখনৰ প্ৰয়োজনীয়তা আহি পৰিছিল।