স্বামী-স্ত্ৰীৰ সম্বন্ধ অতুলনীয় হয় আৰু এজনে আনজনক সদায় সংগ দিয়ে।
তেওঁলোকৰ সুখ-দুখৰ কেতিয়াও বিভাজন নহয় কিন্তু যেতিয়া স্বামীয়ে পত্নীক নিষ্ঠুৰভাৱে হত্যা কৰাৰ চেষ্টা কৰে তেতিয়া সেয়া এক আশ্বৰ্যজনক ঘটনা বুলিও ক’ব পাৰি।
এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ আগৰ মালবা জিলাত।
বিদ্যানগৰ বিৰলাগ্ৰাম থানা ক্ষেত্ৰত স্বামীয়ে পত্নীক তৰোৱালেৰে উপৰ্যুপৰি আক্ৰমণ কৰে।
একেৰাহে কৰা আক্ৰমণত মহিলাগৰাকীৰ স্তন আৰু নাক কটা যায়।
মাকৰ ঘৰলৈ যোৱা কথাত ক্ষুব্ধ হৈ স্বামীয়ে পত্নীক হত্যাৰ চেষ্টা চলাই তৰোৱালেৰে আক্ৰমণ কৰে।
মহিলাগৰাকীৰ মুখৰ লগতে শৰীৰৰ গুপ্তাংগটো নিষ্ঠুৰভাৱে আক্ৰমণ কৰে।
মহিলাগৰাকীৰ নাক, জিভা, স্তন, গুপ্তাংগত আক্ৰমণ কৰাৰ পিছত স্বামী আৰু পৰিয়ালৰ লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আহত মহিলাগৰাকীক চিকিৎসা প্ৰদানৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Photo: Google