অনুপ্ৰেৰণাৰ আন এক নাম সুৰভি গৌতম ৷
কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত প্ৰতিটো খোজতেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সুৰভিয়ে ৷
মধ্যপ্ৰদেশৰ আমদাৰা গাঁৱৰ সুৰভি গৌতমৰ বাবে আটাইতকৈ কঠিন পৰীক্ষাটোও হৈ পৰে গৌণ ৷
IAS, GATE, ISRO, IES, SAIL, FCI, IES, MPPS, Delhi police আদি সকলো পৰীক্ষাতেই প্ৰথম প্ৰচেষ্টাতেই উত্তীৰ্ণ সুৰভী গৌতম ৷
এটাৰ পিছত আন এটা সফলতা লাভ কৰা সুৰভি গৌতম বৰ্তমান এগৰাকী সফল এচিএচ বিষয়া ৷
বিশ্ববিদ্যালয়ৰ টপাৰ আৰু গ’ল্ড মেডেলিষ্ট সুৰভি গৌতম ২০১৬ত ইউপিএচই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল ৷
ইউপিএচই ত অৱতীৰ্ণ হোৱাৰ পূৰ্বে সুৰভি BARC ত এগৰাকী পাৰমাণৱিক বিজ্ঞানী হিচাপে কৰ্মৰত আছিল ৷