ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা আৰ্থিক সংকটৰ মাজতে মে’ মাহৰ পৰা বৰ্তমানলৈ ৮.৪৩ লাখ অপ্ৰবাসী লোক কেৰালালৈ উভতি আহে।
ইয়াৰে প্ৰায় ৫.৫২ লাখ লোকে হেৰুৱাই নিজৰ চাকৰি।
কেৰালা ৰাজ্য চৰকাৰৰ অপ্ৰবাসী কেৰালাবাসী সন্দৰ্ভত বিভাগে এই সম্পৰ্কত এটা সংখ্যা যুগুটোৱাইছে।
তেওঁলোকৰ মতে বিগত বৰ্ষৰ মে’ মাহৰ প্ৰথমটো সপ্তাহৰ পৰা চলিত বৰ্ষৰ ৪ জানুৱাৰীলৈ মুঠ ৮.৪৩ লাখ মালায়ালি লোক বিদেশৰ পৰা কেৰালালৈ উভতি আহিছে।
ইয়াৰে প্ৰায় ৫.৫২ লাখ লোকে ইতিমধ্যে চাকৰি হেৰুৱাইছে।
চাকৰি হেৰুওৱা মুঠ লোকৰ ভিতৰত এমাহত ১.৪০ লাখ লোকে হেৰুৱাইছে চাকৰি।
এমাহতে চাকৰি হেৰুৱালে ১.৪০ লাখ লোকে
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা এক খবৰ অনুসৰি কেৰালালৈ উভতি অহা বৃহৎ সংখ্যক লোকৰ ভিতৰত সেইসকল লোকো আছে যিসকলৰ উভতি অহাৰ কাৰণ মাত্ৰ এটাই যে, Employment visaৰ সময়সীমা সমাপ্ত হৈছিল।
প্ৰায় ২.০৮ লাখ লোকে নিজৰ দেশলৈ ঘূৰি অহাৰ কাৰণ Employment visaৰ সময়সীমা সমাপ্ত হোৱাৰ কথাই কৈছে।
ইয়াৰোপৰি উভতি অহা এইসকল লোকৰ পৰিয়ালৰ সদস্য, সন্তান বা জ্যেষ্ঠ নাগৰিক অন্তৰ্ভুক্ত।
ইক’নমীৰ ওপৰত পৰিব প্ৰভাৱ
চৰকাৰী সংখ্যা অনুসৰি ক’ভিড-১৯ মহামাৰীৰ পৰা উৎপত্তি হোৱা Pকৰ্মসংস্থাপন সংকট যদি অব্যাহত থাকে তেন্তে কেৰালাৰ অৰ্থব্যৱস্থাৰ ওপৰত ইয়াৰ দীৰ্ঘকালীন প্ৰভাৱ পৰিব।
কেৰালাৰ অৰ্থব্যৱস্থাৰ এটা বৃহৎ অংশ পশ্চিমী এছিয়াত কৰ্মৰত লোকে প্ৰেৰণ কৰা ধনৰ।
Photo Credit: Google