নিউজ ডেস্কঃ ভাৰতীয় ৰে’লৱেয়ে ৰে’লৰ ভাড়া বৃদ্ধি হোৱাৰ কথা পোনচাটেই নস্যাৎ কৰিছে ৷
ৰে’লৱেই কৈছে যে একাংশ সংবাদ মাধ্যমত ৰে’লযাত্ৰীৰ ভাড়া কিছু পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিও ৰে’লৰ ভাড়া বৃদ্ধি হোৱাৰ খবৰটো ভিত্তিহীন ৷
লগতে তেওঁলোকে কয় যে ৰে’লৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত কোনোধৰণৰ বিচাৰ-বিবেচনা কৰা হোৱা নাই ৷
ভাৰতীয় ৰে’লৱেয়ে সংবাদ মাধ্যমক ৰে’লৰ ভাড়া বৃদ্ধি হোৱাৰ ভুৱা খবৰ প্ৰকাশ বা অপপ্ৰচাৰ নকৰিবলৈ আহ্বান জনায় ৷
Certain sections of media have reported about possibility of some hike in passenger fares. This news is baseless & without any factual basis. There is no proposal under consideration to increase fares. Media is advised to not to publish or circulate such reports: Indian Railways
— ANI (@ANI) January 5, 2021
উল্লেখ্য, কিছুদিন পূৰ্বে একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ৬ জানুৱাৰীৰ পৰা ৰে’লৱেয়ে ভাড়া বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিছে ৷
কিন্তু খোদ ৰে’লৱেয়ে ভাড়া বৃদ্ধিৰ কথা নাকচ কৰে ৷
PIB-এ ফেক্ট চেকৰ জৰিয়তে ৰে’লৰ ভাড়া বৃদ্ধি হোৱাৰ খবৰ সম্পূৰ্ণভাৱে ভুৱা বাতৰি বুলি প্ৰকাশ কৰিছে ৷
ৰে’লৱেয়ে ৰে’লৰ ভাড়া বৃদ্ধি হোৱা সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ পৰিকল্পনা কৰা নাই ৷
photo credit: google