নিউজ ডেস্কঃ ভাৰতত ক্ৰমাগতভাৱে দৈনিক পৰীক্ষণৰ সংখ্যা বৃদ্ধি পাইছে৷ প্ৰথমবাৰলৈ এদিনতে ৯ লক্ষাধিক ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘণ্টাত ৯,১৮,৪৭০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ ভাৰতে এদিনতে ১০ লাখ ক’ভিড পৰীক্ষণৰ দিশত আগবাঢ়িছে৷
ইয়াৰ জৰিয়তে মুঠ পৰীক্ষণৰ সংখ্যা হৈছে ৩.২৫ কোটি (৩,২৬,৬১,২৫২)৷
ভাৰতত প্ৰতি মিলিয়নত ২৩৬৬৮ টাকৈ পৰীক্ষণ সম্পন্ন হৈছে আৰু ই ক্ৰমে ঊৰ্ধ গতিলৈ সম্প্ৰসাৰিত হৈছে৷ পৰীক্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পজিটিভিটীৰ হাৰ হ্ৰাস হৈছে৷
সমগ্ৰ দেশতে গড় পজিটিভিটী হাৰ ৮%ৰ তলত থকাৰ পৰিপ্ৰেক্ষিতত ২৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত দেশৰ গড়ৰ হাৰতকৈও নিম্ন পজিটিভিটীৰ হাৰ প্ৰদৰ্শিত হৈছে৷
আনহাতে পৰীক্ষণ লেবৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে৷ ৯৭৭টা চৰকাৰী লেব আৰু ৫১৭টা ব্যক্তিগতখণ্ডৰ লেবসহিতে সমগ্ৰ দেশত মুঠ ১৪৯৪টা লেবত পৰীক্ষণসমূহ সম্পন্ন হৈছে৷
এই সমূহৰ ভিতৰতঃ
- বাস্তৱিক সময়ৰ আৰটি পিচিআৰভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৭৬৪ (চৰকাৰী ৪৫৩ + ব্যক্তিগত ৩১১)
- ট্ৰুনেট ভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৬১১ (চৰকাৰী ৪৯০ + ব্যক্তিগত ১২১)
- চিবিএনএএটি ভিত্তিক গৱেষণাগাৰঃ ১১৯ (চৰকাৰী ৩৪ + ব্যক্তিগত ৮৫)