৬ দিনৰ পাছত ভাৰতত দৈনিক নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০,০০০তকৈ কম হৈছে ৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩৮,০৭৩জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ একেৰাহে তৃতীয় দিনৰ বাবে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০,০০০তকৈ কম হৈছে৷ অন্য দেশত যোৱা ৩-৪দিনত প্ৰতিদিনে ১ লাখতকৈ অধিক লোক আক্ৰান্তৰ বিপৰীতে ভাৰতৰ এই নিম্নগামীতাই এক ধনাত্মক দিশ বহন কৰিছে ৷ কেইটামান সপ্তাহত দেশত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাইছে
বিগত ৩৮দিন দেশত নতুন আক্ৰান্ততকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে ৷আনহাতে ২৪ ঘণ্টাত দেশত ৪২,০৩৩জন ৰোগী আৰোগ্য হৈছে ৷ দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা বৰ্তমান ৫,০৫,২৬৫ জন ৷ দেশৰ মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন ৰোগীৰ হাৰ ৫.৮৮%লৈ হ্ৰাস পাইছে ৷
ইয়াৰ বিপৰীতে দেশত আৰোগ্যৰ হাৰ ৯২.৬৪%লৈ উন্নীত হৈছে ৷ আজিৰ দিনটোত মুঠ আৰোগ্যৰ সংখ্যা ৭৯,৫৯,৪০৬জন ৷ আৰোগ্য আৰু চিকিৎসাধীন ৰোগীৰ মাজৰ ব্যৱধান আজি ৭৪,৫৪,১৪১জনলৈ বৃদ্ধি পাইছে ৷ আকৌ নতুনকৈ আৰোগ্য হোৱা লোকৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৷ ইয়াৰে দিল্লীত সৰ্বাধিক ৭,০১৪, কেৰালাত ৫,৯৮৩ আৰু পশ্চিমবংগত ৪,৩৯৬জন আৰোগ্য হৈছে ৷ ইফালে নতুন আক্ৰান্তৰ ৭২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৷
বিগত ২৪ ঘণ্টাত দেশত ৪৪৮জন ৰোগীৰ মৃত্যু হৈছে ৷ ইয়াৰে ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৫, দিল্লী আৰু পশ্চিমবংগত ক্ৰমে ৭১ আৰু ৫৬জন ৰোগীৰ মৃত্যু হৈছে ৷