আগন্তুক বৰ্ষৰ পৰা দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত নাথাকিব টোল প্লাজা ৷
বৃহস্পতিবাৰে টোল প্লাজা সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷
আগন্তুক এটা বছৰৰ ভিতৰত দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উঠাই দিব টোল প্লাজা আৰু ইয়াৰ পৰিৱৰ্তে জিপিএচ মাধ্যমেৰে সংগ্ৰহ কৰিব কৰ ৷
‘ভেহিক্যল স্ক্যাপিং পলিচি’ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি লোকসভাৰ মজিয়াত এই ঘোষণা কৰে নীতিন গাডকাৰীয়ে ৷
নীতিন গাডকাৰীয়ে স্পষ্ট কৰি দিয়ে যে, আগন্তুক এটা বছৰৰ ভিতৰত দেশৰ সকলো ঘাইপথৰ পৰা উঠাই দিয়া হ’ব টোল প্লাজা ৷
পথৰ মাজত গাড়ী ৰখাই টকা পৰিশোধ কৰি সময় নষ্ট কৰিব নালাগে কোনো যাত্ৰীয়ে ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৯৩ শতাংশ গাড়ীয়ে টোল গেটত কৰ পৰিশোধ কৰে ফাষ্টেগৰ মাধ্যমেৰে ৷
বাকী ৭ শতাংশই এতিয়াও পুৰণি পদ্ধতিৰে কৰ পৰিশোধ কৰি আছে ৷
এই ক্ষেত্ৰত তদন্ত কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে ৷
কাৰণ ফাষ্টেগ নাথকিলে জিএচটি বা টোলৰ টকা পৰিশোধ কৰাত ফাঁকি দিব পাৰে চালকে ৷
উল্লেখ্য, এতিয়াৰে পৰা গাড়ীত জিপিএচ চিষ্টেম লগোৱা হ’ব, যাৰ জৰিয়তে টোল কৰ সংগ্ৰহ কৰা হ’ব ৷
photo: google