অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ প্ৰশংসনীয় কাৰ্য ৷
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰিলে অৰুণাচলৰ চাংলাং জিলাৰ ইন্নাও অঞ্চল ৷
১৭ মাৰ্চত বিয়লি ৫.৩০ বজাত ইনাওস্থিত অইলৰ প্ৰাৰম্ভিক উৎপাদন প্ৰক্ৰিয়াৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ৷
অইলৰ গেছ পাইপলাইন ফাটি গেছ নিৰ্গত হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
তৎক্ষণাত অঞ্চলটো আগুৰি ধৰে জুইৰ লেলিহান শিখাই ৷
ঘটনাস্থলীৰ সমীপৰ সেনাৰ চাউনীত থকা ভাৰতীয় সেনাসকলে ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে ৷
সেনাৰ QRT দলে অইল কৰ্তৃপক্ষ আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷
স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপনৰ চেষ্টা চলায় সেনা জোৱানসকলে ৷
অৱশেষত সন্ধিয়া ৭ বজাত জুই নিৰ্বাপিত হয় ৷
অৱশ্যে এগৰাকী সেনা বিষয়া আঘাতপ্ৰাপ্ত হয় অগ্নিকাণ্ডৰ ফলত ৷
জুই নিৰ্বাপনৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ এই পদক্ষেপক শলাগ লয় স্থানীয় লোকসকলে ৷